গোৱালপাৰাৰ লক্ষীপুৰ বনাঞ্চলত পাঁচ মাহ ধৰি আশ্ৰয় লৈ থকা বৃহৎ বনৰীয়া হাতীৰ জাকটোৰ তিনি সদস্য যোৱা নিশা প্ৰায় ১০ বজাত বৰদল গাঁৱৰ ধাননি পথাৰত পৰিত্যক্ত এটা দ’ গাঁতত বাগৰি পৰে । এই অনাকাংক্ষিত ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে স্থানীয় ৰাইজে নিশাই লখিমপুৰ বন বিভাগ আৰু জিলা বন বিষয়াক অৱগত কৰে । নিশা হাতী কেইটা উদ্ধাৰ কৰিবলৈ অসুবিধা হোৱাৰ বাবে আজি পুৱা বন কৰ্মীৰ এটা দল নিৰীক্ষণৰ বাবে ঘটনাস্থলীত উপস্থিত হয় ।
দ’গাঁতত মৃত্যুৰ স’তে যুঁজি থকা হাতীকেইটাক দেখি উপস্থিত ৰাইজে আৱেগিক হৈ হাতীকেইটাক জীৱন্তে উদ্ধাৰ কৰিবলৈ আপ্ৰাণ চেষ্টা চলাই যদিও ব্যৰ্থ হয় । অৱশ্যে প্ৰায় ন বজাত বন বিভাগে পুনৰ ঘটনাস্থলিত উপস্থিত হৈ হাতীকেইটাক জীৱন্তে উদ্ধাৰৰ বাবে জে চি বি ব্যৱহাৰ কৰে । দ’গাঁতটোৰ দুই ফালৰ কিছু অংশ মাটি খান্দি দিয়াৰ পাছতে এটাৰ পাছত এটাকৈ তিনিওটা হাতীয়ে গাঁতটোৰ পৰা হাতত উঠিবলৈ সক্ষম হয় । প্ৰায় ১১ ঘণ্টীয়া শ্বাসৰুদ্ধ পৰিস্থিতিৰ অন্তত হাতীকেইটাক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাত বন বিভাগৰ লগতে ৰাইজেও সন্তুষ্টি প্ৰকাশ কৰে ।
উল্লেখ্য যে পাঁচ মাহ ধৰি আশ্ৰয় লৈ থকা এই বৃহৎ বনৰীয়া হাতীৰ জাকটোৱে বনাঞ্চলৰ দাঁতি কাষৰীয়া অঞ্চলৰ বহু কৃষকৰ ধান খেতি খাই তহিলং কৰি আহা বাবেই হাতী-মানুহৰ সংঘাত প্ৰায় হৈয়েই থাকে । কিন্তু, সিদিনা নিশা যেতিয়া তিনিটাকৈ হাতী দ’খাৱৈত পৰে তেতিয়া ৰাইজেই প্ৰথমে উদ্ধাৰৰ চেষ্টা চলায় । ৰাইজে কৰা এই প্ৰচেষ্টাই এক মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰে ।





























